Total Visits : good hits | Date & Time : Monday, September 16, 2019   |

Ajmal College of Arts & Science, Dhubri

Run by - AJMAL FOUNDATION

Felicitation of State Topper'2018 (Science)
Felicitation of State Topper'2018 (Science)

WALL OF WARMTH
"মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?"
 
আমাৰ অনাৱশ্যকীয় কাপোৰ খিনিৰে কোনোবা বস্ত্ৰহীনৰ পজাঁটি উমাল কৰিব নোৱাৰি নে? 
এই মহান উদ্দেশ্য আগত ৰাখি আজমল কলেজ অৱ আৰ্টছ্ এণ্ড চায়েন্স, ধুবুৰীৰ উদ্যোগত Wall of Warmth (সুখৰ প্ৰাচীৰ) শীৰ্ষক এলানি প্ৰচেষ্টা হাতত লোৱা হৈছে য'ত বস্ত্ৰৰ অভাৱত ভোগা দূখীয়া নি:কিন লোকসকলৰ এই অভাৱ অকমাণ হ'লেও দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে। অতি শীঘ্ৰে কলেজ চৌহদত "সুখৰ প্ৰাচীৰ"ৰ stall উদ্বোধন কৰা হ'ব য'ৰ পৰা বস্ত্ৰহীনতাত ভোগা ব্যক্তিসকলে তেওঁলোকৰ প্ৰয়োজনীয় কাপোৰখিনি সংগ্ৰহ কৰিব পাৰিব। এই মহান উদ্দেশ্যত আপোনাৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছো। আপোনাৰ অনাৱশ্যকীয় আৰু অব্যৱহৃত  কাপোৰখিনি সংলিষ্ট stall ত জমা দি.... আহকচোন, এবাৰ শীতাৰ্ত সকলৰ ভগাপজাঁত উমি উমি জ্বলি থকা জুইকুৰাৰ ৰক্তিম উত্তাপ হোৱাৰ প্ৰয়াস কৰোঁ.....